অসম

উত্তৰ লখিমপুৰত যুৱ উদ্যোগীৰ মৃতদেহ উদ্ধাৰ, তদন্ত অব্যাহত

NewzNow · ৮ নৱেম্বৰ ২০২৬

১ / ৫

উত্তৰ লখিমপুৰৰ ভাড়াঘৰত ইউফ'ৰিয়া ইউনিছেক্স ছেলুনৰ স্বত্বাধিকাৰী তন্ময় জ্যোতি দত্ত ফুকনৰ মৃতদেহ উদ্ধাৰ হৈছে।

২ / ৫

উত্তৰ লখিমপুৰ, শুকুৰবাৰ: উত্তৰ লখিমপুৰৰ পানীন্দ্ৰ ৰোডস্থিত ভাড়াঘৰত শুকুৰবাৰে পুৱা যুৱ উদ্যোগী তন্ময় জ্যোতি দত্ত ফুকনক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।

৩ / ৫

উত্তৰ লখিমপুৰৰ ইউফ'ৰিয়া ইউনিছেক্স ছেলুনৰ স্বত্বাধিকাৰী তন্ময়ক শোৱা কোঠাৰ মজিয়াত পৰি থকা অৱস্থাত পোৱা যায়।

৪ / ৫

তন্ময়ৰ লগত একেটা ভাড়াঘৰতে থকা তেওঁৰ বন্ধু তথা ছেলুনখনৰ পৰিচালক মানস বৈৰাগীয়ে জনোৱা মতে, শুকুৰবাৰে পুৱা প্ৰায় ৫.১৫ বজাত তন্ময়ৰ বান্ধৱী পায়েলে তেওঁক জগাই তন্ময়ৰ কিবা এটা হৈছে বুলি কয়।

৫ / ৫

মানসৰ মতে, বৃহস্পতিবাৰে নিশা তন্ময়, পায়েল আৰু তেওঁ একেলগে ৰন্ধা-বঢ়া কৰি আহাৰ গ্ৰহণ কৰিছিল।

উত্তৰ লখিমপুৰত যুৱ উদ্যোগীৰ মৃতদেহ উদ্ধাৰ, তদন্ত অব্যাহত

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক