উত্তৰ লখিমপুৰ, শুকুৰবাৰ: উত্তৰ লখিমপুৰৰ পানীন্দ্ৰ ৰোডস্থিত ভাড়াঘৰত শুকুৰবাৰে পুৱা যুৱ উদ্যোগী তন্ময় জ্যোতি দত্ত ফুকনক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। ঘটনাক কেন্দ্ৰ কৰি পৰিয়ালৰ লোকে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

উত্তৰ লখিমপুৰৰ ইউফ'ৰিয়া ইউনিছেক্স ছেলুনৰ স্বত্বাধিকাৰী তন্ময়ক শোৱা কোঠাৰ মজিয়াত পৰি থকা অৱস্থাত পোৱা যায়। তেওঁৰ ডিঙিত বিছনাৰ চাদৰৰ এডাল অংশ মেৰিয়াই আছিল আৰু চাদৰখনৰ আনটো মূৰ ভেণ্টিলেটৰৰ জালিত বান্ধি থোৱা আছিল বুলি জানিব পৰা গৈছে।

তন্ময়ৰ লগত একেটা ভাড়াঘৰতে থকা তেওঁৰ বন্ধু তথা ছেলুনখনৰ পৰিচালক মানস বৈৰাগীয়ে জনোৱা মতে, শুকুৰবাৰে পুৱা প্ৰায় ৫.১৫ বজাত তন্ময়ৰ বান্ধৱী পায়েলে তেওঁক জগাই তন্ময়ৰ কিবা এটা হৈছে বুলি কয়। পিছত মানসে শোৱা কোঠালৈ গৈ চাদৰখন দুডোখৰকৈ কটা আৰু তন্ময়ক মজিয়াত পৰি থকা দেখা পায়। আন এজন বন্ধুৰ সহায়ত তন্ময়ক ওচৰৰ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

“তন্ময় স্বাভাৱিক আৰু সুস্থই আছিল। নিশা প্ৰায় ২ বজাত তেওঁ মোৰ কোঠালৈ শুবলৈ আহিছিল। তাৰ পাছত পুৱা প্ৰায় ৫.২০ বজাত পায়েলে মোক জগাই তন্ময়ৰ কিবা এটা হৈছে বুলি জনায়,” মানসে কয়।

মানসৰ মতে, বৃহস্পতিবাৰে নিশা তন্ময়, পায়েল আৰু তেওঁ একেলগে ৰন্ধা-বঢ়া কৰি আহাৰ গ্ৰহণ কৰিছিল। পায়েলে তন্ময়ক ওলমি থকা অৱস্থাত দেখি পাকঘৰৰ ছুৰীৰে চাদৰখন কাটিছিল বুলি জানিব পৰা গৈছে। বন্ধুসকলে ছুৰীখন আগৰ নিশা আলু গুচোৱাৰ বাবে ভোটা হৈ থকাৰ লগতে চাদৰখন কটাৰ ধৰণক লৈও প্ৰশ্ন উত্থাপন কৰিছে। ঘটনাস্থলীৰ ওচৰত এটা ধাতুৰ পানীৰ বটল চেপেটা অৱস্থাত পোৱা যায় বুলিও জানিব পৰা গৈছে।

তন্ময়ৰ বন্ধু-বান্ধৱে ঘটনাটোত কোনো অপৰাধ সংঘটিত হোৱাৰ সম্ভাৱনা আছে বুলি সন্দেহ প্ৰকাশ কৰি সঠিক তদন্তৰ দাবী জনাইছে। বন্ধু সঞ্জুৱে দাবী কৰা মতে, শুকুৰবাৰে পুৱা ৩.০৩ বজাত পায়েলে তেওঁক ফোন কৰি তন্ময়ৰ ভাড়াঘৰৰ পৰা ঘৰলৈ নিয়াৰ বাবে বাহন বিচাৰিছিল।

পৰিয়ালৰ এজাহাৰৰ ভিত্তিত উত্তৰ লখিমপুৰ থানাত ৩৫৮/২৬ নম্বৰৰ গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে পায়েলক দুবাৰ জেৰা কৰাৰ লগতে তন্ময়ৰ কেইবাজনো বন্ধু আৰু কৰ্মচাৰীৰ বক্তব্য লিপিবদ্ধ কৰিছে।

“মৃত যুৱকজনৰ বান্ধৱী আৰু বন্ধু-বান্ধৱৰ বক্তব্য লিপিবদ্ধ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনলৈ অপেক্ষা কৰি আছোঁ। প্ৰতিবেদন পোৱাৰ পাছত তদন্ত আগবঢ়োৱা হ'ব,” লখিমপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকাই জনায়।

ধেমাজি জিলাৰ বৰদলনিৰ বাসিন্দা তন্ময়ে বিগত তিনি বছৰ ধৰি উত্তৰ লখিমপুৰত ছেলুনখন চলাই আহিছিল। তেওঁ অভিনেতা আৰু ঢোলবাদক হিচাপেও স্থানীয়ভাৱে পৰিচিত আছিল।