শিৱসাগৰৰ দিখৌ দলঙত এখন উইংগাৰ বাহনে তিনিখন বাইকত খুন্দা মৰাৰ অভিযোগ উঠিছে।
শিৱসাগৰ, ৮ নৱেম্বৰ: শিৱসাগৰৰ দিখৌ দলঙত এ এছ-০৪ চি চি-২৩৩৫ নম্বৰৰ এখন উইংগাৰ বাহনৰ চালকে তিনিখন বাইকত খুন্দা মৰাৰ অভিযোগ উঠিছে।
জানিব পৰা মতে, দিখৌ দলঙৰ ওপৰেৰে গৈ থকা অৱস্থাত উইংগাৰখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই তিনিখন বাইকত খুন্দা মাৰে।
উইংগাৰখনৰ চালকজনে সুৰাপান কৰি বাহন চলাইছিল বুলি স্থানীয় লোকে অভিযোগ কৰিছে।
খবৰ লাভ কৰাৰ লগে লগে শিৱসাগৰ সদৰ থানাৰ যান-বাহন শাখাৰ বিষয়া পাৰ্থ সাৰথী বৰা ঘটনাস্থলীত উপস্থিত হয়।
newznow.in