শিৱসাগৰ, ৮ নৱেম্বৰ: শিৱসাগৰৰ দিখৌ দলঙত এ এছ-০৪ চি চি-২৩৩৫ নম্বৰৰ এখন উইংগাৰ বাহনৰ চালকে তিনিখন বাইকত খুন্দা মৰাৰ অভিযোগ উঠিছে। ঘটনাটোত এখন পালছাৰ ২২০ বাইক প্ৰায় ৫০ মিটাৰ দূৰলৈ চোঁচৰাই লৈ যায় বাহনখনে।

জানিব পৰা মতে, দিখৌ দলঙৰ ওপৰেৰে গৈ থকা অৱস্থাত উইংগাৰখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই তিনিখন বাইকত খুন্দা মাৰে। স্থানীয় চাহিল হুছেইন নামৰ এজন যুৱক এজন বন্ধুৰ সৈতে একেখন বাইকেৰে দলঙেৰে গৈ থকা সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।

উইংগাৰখনৰ চালকজনে সুৰাপান কৰি বাহন চলাইছিল বুলি স্থানীয় লোকে অভিযোগ কৰিছে। দুৰ্ঘটনাটোৰ পাছতে দিখৌ দলঙত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

খবৰ লাভ কৰাৰ লগে লগে শিৱসাগৰ সদৰ থানাৰ যান-বাহন শাখাৰ বিষয়া পাৰ্থ সাৰথী বৰা ঘটনাস্থলীত উপস্থিত হয়। তেওঁ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে দুৰ্ঘটনাৰ সৈতে জড়িত উইংগাৰখন, পালছাৰ বাইকখন আৰু চালকজনক থানালৈ লৈ যায়।