অসম

ৰাজ্যপালৰ কনভয়ৰ নিৰাপত্তাত কৰ্তব্যৰত গৃহৰক্ষী জোৱানৰ পথ দুৰ্ঘটনাত মৃত্যু

NewzNow · ৩১ অক্টোবৰ ২০২৬

১ / ৫

জাগীৰোড, ৩১ অক্টোবৰঃ কৰ্তব্যৰত অৱস্থাতে এক কৰুণ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী গৃহৰক্ষী জোৱানে।

২ / ৫

জানিব পৰা মতে, জাগীৰোডৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে ৰাজ্যপালৰ কনভয় পাৰ হৈ যোৱাৰ সময়ত নিৰাপত্তাৰ দায়িত্ব পালন কৰি আছিল জিতুমণি কলিতাই।

৩ / ৫

দুৰ্ঘটনাৰ পিছতে গুৰুতৰভাৱে আহত জোৱানজনক ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়।

৪ / ৫

কৰ্তব্যৰত অৱস্থাত গৃহৰক্ষী জোৱানজনৰ এনে আকস্মিক মৃত্যুৰ ঘটনাই শোকৰ ছাঁ পেলাইছে।

৫ / ৫

ৰাজ্যপালৰ কনভয়ৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত জিতুমণি কলিতা নামৰ গৃহৰক্ষী জোৱানজন জাগীৰোডৰ ধৰমতুলত এখন তীব্ৰবেগী ইকো বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হয়।

ৰাজ্যপালৰ কনভয়ৰ নিৰাপত্তাত কৰ্তব্যৰত গৃহৰক্ষী জোৱানৰ পথ দুৰ্ঘটনাত মৃত্যু

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক