জাগীৰোড, ৩১ অক্টোবৰঃ কৰ্তব্যৰত অৱস্থাতে এক কৰুণ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী গৃহৰক্ষী জোৱানে। ৰাজ্যপালৰ কনভয়ৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত জিতুমণি কলিতা নামৰ গৃহৰক্ষী জোৱানজন জাগীৰোডৰ ধৰমতুলত এখন তীব্ৰবেগী ইকো বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হয়।
জানিব পৰা মতে, জাগীৰোডৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে ৰাজ্যপালৰ কনভয় পাৰ হৈ যোৱাৰ সময়ত নিৰাপত্তাৰ দায়িত্ব পালন কৰি আছিল জিতুমণি কলিতাই। সেই সময়তে এখন তীব্ৰবেগী ইকো বাহনে তেওঁক খুন্দা মাৰে। খুন্দাৰ ফলত কেইবাফুট দূৰলৈ চিটিকি পৰে জোৱানজন।
দুৰ্ঘটনাৰ পিছতে গুৰুতৰভাৱে আহত জোৱানজনক ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু চিকিৎসালয়ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
কৰ্তব্যৰত অৱস্থাত গৃহৰক্ষী জোৱানজনৰ এনে আকস্মিক মৃত্যুৰ ঘটনাই শোকৰ ছাঁ পেলাইছে।