অসম

উজনিত পুনৰ আৰম্ভ কয়লা ছিণ্ডিকেট; খাৰচাঙৰ পৰা আহিছে অবৈধ কয়লা: অখিল

NewzNow · ৮ নৱেম্বৰ ২০২৬

১ / ৫

মেঘালয়ৰ পৰা নাগালেণ্ডলৈ অবৈধ কয়লা সৰবৰাহ চলি থকাৰ অভিযোগ তুলি ট্ৰাক জব্দৰ দাবী জনালে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।

২ / ৫

ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মেঘালয়ৰ পৰা নাগালেণ্ডলৈ অবৈধ কয়লা সৰবৰাহ চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

৩ / ৫

দীপাৱলীৰ শুভেচ্ছা জনাই গগৈয়ে কয়, নাগালেণ্ডৰ পাহাৰত চলা অবৈধ কয়লা খনন আৰু দিখৌ নৈৰ পাৰত চলা অবৈধ শিল-বালি খননেই উজনি অসমৰ নাজিৰা, শিৱসাগৰ, সোণাৰি, মাহমৰা, ডিমৌ আৰু মৰিয়নি সমষ্টিত হোৱা…

৪ / ৫

বিধায়কগৰাকীৰ অভিযোগ অনুসৰি, বিগত তিনিদিন ধৰি জাঁজী আৰু হাঁহচৰাৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথত ৩০ৰ পৰা ৪০খন ডাঙৰ ট্ৰাক ৰখাই থোৱা হৈছে।

৫ / ৫

তেওঁ আৰু অভিযোগ কৰে যে, অৰুণাচলৰ খাৰচাং পাহাৰৰ পৰা অবৈধ কয়লা উজনি অসমৰ মাজেৰে গুৱাহাটী হৈ অসম-পশ্চিমবংগ সীমান্তলৈ নিয়া হৈছে।

উজনিত পুনৰ আৰম্ভ কয়লা ছিণ্ডিকেট; খাৰচাঙৰ পৰা আহিছে অবৈধ কয়লা: অখিল

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক