ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মেঘালয়ৰ পৰা নাগালেণ্ডলৈ অবৈধ কয়লা সৰবৰাহ চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালকপ্ৰধানক উদ্দেশ্যি সামাজিক মাধ্যমত বাৰ্তা প্ৰেৰণ কৰি তেওঁ কয়লাবাহী ট্ৰাকসমূহ জব্দ কৰাৰ দাবী জনায়।
দীপাৱলীৰ শুভেচ্ছা জনাই গগৈয়ে কয়, নাগালেণ্ডৰ পাহাৰত চলা অবৈধ কয়লা খনন আৰু দিখৌ নৈৰ পাৰত চলা অবৈধ শিল-বালি খননেই উজনি অসমৰ নাজিৰা, শিৱসাগৰ, সোণাৰি, মাহমৰা, ডিমৌ আৰু মৰিয়নি সমষ্টিত হোৱা ভয়াৱহ বানপানীৰ অন্যতম কাৰণ। এই ঘটনাৰ তদন্ত চিবিআইক দিয়াৰ দাবী তেওঁ পূৰ্বৰে পৰা জনাই আহিছে বুলিও উল্লেখ কৰে।
বিধায়কগৰাকীৰ অভিযোগ অনুসৰি, বিগত তিনিদিন ধৰি জাঁজী আৰু হাঁহচৰাৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথত ৩০ৰ পৰা ৪০খন ডাঙৰ ট্ৰাক ৰখাই থোৱা হৈছে। এই ট্ৰাকসমূহ মেঘালয়ৰ পৰা নাগালেণ্ডৰ তুলী ৰে'ল ষ্টেচনলৈ আমগুৰিৰ মাজেৰে নিয়াৰ বাবে অনা অবৈধ কয়লা কঢ়িওৱা বাহন বুলি তেওঁ দাবী কৰে। পিছত কিছু ট্ৰাক টীয়কৰ সঞ্জু দত্তৰ তেল ডিপো আৰু যোৰহাটৰ মেলেঙৰ টোলগেটৰ কাষলৈ স্থানান্তৰ কৰা হৈছে বুলিও গগৈয়ে কয়।
তেওঁ আৰু অভিযোগ কৰে যে, অৰুণাচলৰ খাৰচাং পাহাৰৰ পৰা অবৈধ কয়লা উজনি অসমৰ মাজেৰে গুৱাহাটী হৈ অসম-পশ্চিমবংগ সীমান্তলৈ নিয়া হৈছে। পশ্চিমবংগ সীমান্তত ২০০ৰো অধিক ট্ৰাক ৰৈ আছে বুলি বিভিন্নজনে তেওঁক জনোৱা বুলি গগৈয়ে উল্লেখ কৰে।
“যদি মুখ্যমন্ত্ৰী বা তেওঁৰ হৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই কয়লা ছিণ্ডিকেটৰ ধন লোৱা নাই, তেন্তে ট্ৰাকসমূহ অৱস্থানস্থলীতে জব্দ কৰি অবৈধ সৰবৰাহকাৰীক আদালতৰ জৰিয়তে কাৰাগাৰলৈ পঠিয়াব লাগে আৰু কয়লাখিনি নিলাম কৰিব লাগে,” বুলি অখিল গগৈয়ে কয়।
ৰাইজৰ দলৰ কৰ্মীসকলে বিভিন্ন স্থানত ৰখাই থোৱা কয়লাবাহী ট্ৰাকসমূহৰ ওপৰত নজৰ ৰাখিছে বুলি জনাই বিধায়কগৰাকীয়ে কয়, বাহনসমূহ জব্দ কৰা নহ'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ছিণ্ডিকেটৰাজৰ সৈতে জড়িত বুলি সন্দেহ অধিক দৃঢ় হ'ব।