১ নৱেম্বৰত দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত হ’বলগীয়া INDIA মিত্ৰজোঁটৰ সমাৱেশৰ পূৰ্বে সমদলৰ আহ্বান জনাইছে ৰাহুল গান্ধীয়ে।
নতুন দিল্লী, ৩১ অক্টোবৰঃ INDIA মিত্ৰজোঁটৰ ১ নৱেম্বৰৰ দিল্লী সমাৱেশৰ পূৰ্বে ৰাইজক সমদলত অংশগ্ৰহণৰ আহ্বান জনাইছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে।
ৰাহুল গান্ধীয়ে প্ৰকাশ কৰা অনুসৰি, দেওবাৰে দুপৰীয়া ১২ বজাত নতুন দিল্লীৰ মিন্টো ৰোড আৰু কনট প্লেচৰ সংযোগস্থলৰ পৰা সমদল আৰম্ভ হ’ব।
সমাৱেশৰ মূল বিষয় হৈছে ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন (SIR) আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক লৈ বিৰোধী দলসমূহে উত্থাপন কৰা অভিযোগ।
ৰাহুল গান্ধীয়ে ৰাজনৈতিক দলৰ লগতে নাগৰিক সমাজৰ প্ৰতিনিধি, সাংবাদিক আৰু আন আগ্ৰহী লোককো এই সমদলত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
newznow.in