নতুন দিল্লী, ৩১ অক্টোবৰঃ INDIA মিত্ৰজোঁটৰ ১ নৱেম্বৰৰ দিল্লী সমাৱেশৰ পূৰ্বে ৰাইজক সমদলত অংশগ্ৰহণৰ আহ্বান জনাইছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। শনিবাৰে সামাজিক মাধ্যমযোগে তেওঁ কয়, “কাইলৈ দেখা হ’ব, আহক একেলগে খোজ কাঢ়োঁ।”

ৰাহুল গান্ধীয়ে প্ৰকাশ কৰা অনুসৰি, দেওবাৰে দুপৰীয়া ১২ বজাত নতুন দিল্লীৰ মিন্টো ৰোড আৰু কনট প্লেচৰ সংযোগস্থলৰ পৰা সমদল আৰম্ভ হ’ব। সমদলটো আজমেৰী গে’ট হৈ ৰামলীলা ময়দানত উপস্থিত হ’ব। তাতেই INDIA মিত্ৰজোঁটৰ বৃহৎ সমাৱেশ অনুষ্ঠিত হোৱাৰ কথা।

সমাৱেশৰ মূল বিষয় হৈছে ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন (SIR) আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক লৈ বিৰোধী দলসমূহে উত্থাপন কৰা অভিযোগ। বিৰোধীৰ দাবী, SIR প্ৰক্ৰিয়াত যোগ্য ভোটাৰৰ নাম কৰ্তন কৰা হৈছে আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতা সম্পৰ্কে প্ৰশ্নৰ সৃষ্টি হৈছে।

ৰাহুল গান্ধীয়ে ৰাজনৈতিক দলৰ লগতে নাগৰিক সমাজৰ প্ৰতিনিধি, সাংবাদিক আৰু আন আগ্ৰহী লোককো এই সমদলত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

সমদলৰ অনুমতিক লৈ প্ৰশ্ন

ইফালে, দিল্লী আৰক্ষীৰ সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে কনট প্লেচৰ পৰা সমদল উলিওৱাৰ বাবে আৰক্ষীৰ ওচৰত কোনো অনুমতিৰ আবেদন দাখিল কৰা হোৱা নাছিল। নতুন দিল্লী অঞ্চলত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত সমাৱেশৰ ক্ষেত্ৰত নিষেধাজ্ঞা বলৱৎ থকাৰ কথাও আৰক্ষীৰ সূত্ৰই উল্লেখ কৰিছে।

আনহাতে, ৰামলীলা ময়দানত অনুষ্ঠিত হ’বলগীয়া সমাৱেশৰ বাবে নিৰাপত্তাৰ ব্যৱস্থা কৰা হ’ব বুলি আৰক্ষীৰ সূত্ৰই জনাইছে।

উল্লেখ্য যে, বৰষুণৰ বাবে INDIA মিত্ৰজোঁটৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে পৰিকল্পিত ‘Public Impeachment’ কাৰ্যসূচী ৩০ অক্টোবৰৰ পৰিৱৰ্তে ৩১ অক্টোবৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। ইয়াৰ পিছদিনা অৰ্থাৎ ১ নৱেম্বৰত ‘চলো দিল্লী’ সমদল আৰু ৰামলীলা ময়দানৰ সমাৱেশ অনুষ্ঠিত হোৱাৰ কথা।