দুখন টি-২০ত ৪ আৰু ৪৫ ৰান কৰাৰ পিছতে বৈভৱ সূৰ্যবংশীক চতুৰ্থ মেচত খেলোৱা নহ’ল।
নতুন দিল্লী, ৩১ অক্টোবৰঃ ভাৰতীয় ক্ৰিকেট দলত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ ভূমিকা আৰু ভৱিষ্যৎ পৰিকল্পনা স্পষ্ট কৰিবলৈ দল পৰিচালনাক আহ্বান জনাইছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ আকাশ চোপ্ৰাই।
নিউজিলেণ্ডৰ বিৰুদ্ধে চলি থকা পাঁচখনীয়া T20I শৃংখলাৰ দ্বিতীয় আৰু তৃতীয়খন মেচত খেলাৰ সুযোগ পাইছিল বৈভৱে।
এই সিদ্ধান্তক লৈ নিজৰ YouTube চেনেলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আকাশ চোপ্ৰাই প্ৰশ্ন কৰে—বৈভৱক কেৱল কোনো খেলুৱৈ আঘাতপ্ৰাপ্ত হ’লেহে খেলোৱা হ’ব নেকি?
চোপ্ৰাৰ মতে, বৈভৱৰ বাবে দল পৰিচালনাৰ এক নিৰ্দিষ্ট পৰিকল্পনা থাকিব পাৰে, কিন্তু সেই পৰিকল্পনা ৰাজহুৱাভাৱে স্পষ্ট কৰা হোৱা নাই।
newznow.in