শিৱসাগৰৰ ঐতিহাসিক যমুনাত দ্বিতীয় দিনাও উচ্ছেদ অভিযান অব্যাহত।
শিৱসাগৰৰ ঐতিহাসিক যমুনা সম্পূৰ্ণৰূপে বেদখলমুক্ত নোহোৱালৈকে ক্ষান্ত নহয় সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু)।
ঐতিহাসিক যমুনা বেদখলমুক্ত কৰাৰ উদ্দেশ্যে শিৱসাগৰ জিলা প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানৰ আজি দ্বিতীয়টো দিন।
যমুনাৰ ওপৰত অবৈধভাৱে নিৰ্মাণ কৰা ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত এক্সকেভেটৰ চলাই উচ্ছেদ অভিযান অব্যাহত ৰাখিছে প্ৰশাসনে।
উল্লেখ্য যে যমুনাৰ মুঠ ভূমিৰ পৰিমাণ ১২০ বিঘা ১ কঠা ৯ লোচা।
newznow.in