শিৱসাগৰ, ৯ নৱেম্বৰ, ২০২৬:
শিৱসাগৰৰ ঐতিহাসিক যমুনা সম্পূৰ্ণৰূপে বেদখলমুক্ত নোহোৱালৈকে ক্ষান্ত নহয় সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু)। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈয়ে এই কথা স্পষ্ট কৰি দিছে।
ঐতিহাসিক যমুনা বেদখলমুক্ত কৰাৰ উদ্দেশ্যে শিৱসাগৰ জিলা প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানৰ আজি দ্বিতীয়টো দিন। কালিপূজা উপলক্ষে কালি অভিযান বন্ধ ৰখাৰ পিছত আজি পুৱাৰে পৰা পুনৰ উচ্ছেদ অভিযান আৰম্ভ কৰে প্ৰশাসনে।
যমুনাৰ ওপৰত অবৈধভাৱে নিৰ্মাণ কৰা ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত এক্সকেভেটৰ চলাই উচ্ছেদ অভিযান অব্যাহত ৰাখিছে প্ৰশাসনে। যোৱা শনিবাৰে ধোবাপট্টীত উচ্ছেদ চলোৱাৰ পিছত আজি শিৱসাগৰ শিৱদৌলৰ সন্মুখৰ পৰা অভিযান আৰম্ভ কৰা হয়।
উল্লেখ্য যে যমুনাৰ মুঠ ভূমিৰ পৰিমাণ ১২০ বিঘা ১ কঠা ৯ লোচা। ইয়াৰে ৪০ বিঘা ভূমি বেদখল হৈ থকা বুলি উল্লেখ কৰা হৈছে।
ইফালে, যমুনাৰ সম্পূৰ্ণ ভূমি বেদখলমুক্ত নকৰালৈকে আটাছুৰ আন্দোলন অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিছে কেন্দ্ৰীয় সভাপতি বসন্ত গগৈয়ে। প্ৰশাসনৰ উচ্ছেদ অভিযানৰ পিছত ঐতিহাসিক যমুনাই কিমান সোনকালে নিজৰ সম্পূৰ্ণ ভূমি ঘূৰাই পায়, সেয়া হ’ব লক্ষণীয়।