গুৱাহাটীৰ মাথঘৰীয়াত ৰখাই থোৱা টেংকাৰৰ পৰা প্ৰায় ৬০ লিটাৰ ডিজেল চুৰিৰ অভিযোগত ৰূপেশ সাহ নামৰ এজনক স্থানীয় লোকে আটক কৰে।
গুৱাহাটী, ৮ নৱেম্বৰ: মাথঘৰীয়াৰ মাৰ্কেটিং ৰোডত ৰখাই থোৱা এখন টেংকাৰৰ পৰা ডিজেল চুৰি কৰাৰ অভিযোগত ৰূপেশ সাহ নামৰ এজন লোকক স্থানীয় বাসিন্দাসকলে হাতে-লোটে আটক কৰে।
শনিবাৰে সন্ধিয়া প্ৰায় ৮ বজাত সংঘটিত ঘটনাটোত অভিযুক্তজনে টেংকাৰখনৰ পৰা ডিজেল উলিয়াই আছিল বুলি অভিযোগ উঠিছে।
তেওঁৰ দখলৰ পৰা প্ৰায় ৬০ লিটাৰ ডিজেলভৰ্তি তিনিটা প্লাষ্টিকৰ ড্ৰাম উদ্ধাৰ কৰা হয়।
এই সন্দৰ্ভত প্ৰাঞ্জল ৰায়ে ৮ নৱেম্বৰত নুনমাটি থানাত এজাহাৰ দাখিল কৰে।
newznow.in