গুৱাহাটী, ৮ নৱেম্বৰ: মাথঘৰীয়াৰ মাৰ্কেটিং ৰোডত ৰখাই থোৱা এখন টেংকাৰৰ পৰা ডিজেল চুৰি কৰাৰ অভিযোগত ৰূপেশ সাহ নামৰ এজন লোকক স্থানীয় বাসিন্দাসকলে হাতে-লোটে আটক কৰে।
শনিবাৰে সন্ধিয়া প্ৰায় ৮ বজাত সংঘটিত ঘটনাটোত অভিযুক্তজনে টেংকাৰখনৰ পৰা ডিজেল উলিয়াই আছিল বুলি অভিযোগ উঠিছে।
তেওঁৰ দখলৰ পৰা প্ৰায় ৬০ লিটাৰ ডিজেলভৰ্তি তিনিটা প্লাষ্টিকৰ ড্ৰাম উদ্ধাৰ কৰা হয়।
এই সন্দৰ্ভত প্ৰাঞ্জল ৰায়ে ৮ নৱেম্বৰত নুনমাটি থানাত এজাহাৰ দাখিল কৰে। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ১৯৬/২০২৬ নম্বৰৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
গোচৰটোৰ তদন্তৰ দায়িত্ব সহকাৰী উপ-পৰিদৰ্শক গোবিন্দ পাটগিৰিক দিয়া হৈছে। আৰক্ষীয়ে ঘটনাটোৰ অধিক তদন্ত অব্যাহত ৰাখিছে।