উজনি অসমৰ বানপীড়িত প্ৰায় ৪,৫০০ পৰিয়ালৰ ক্ষতিগ্ৰস্ত ঘৰ পুনৰ নিৰ্মাণৰ বাবে জমিয়ত উলেমা-ই-হিন্দ আৰু আনফাৰ ফাউণ্ডেচনে ৩.৬০ কোটি টকাৰ আৰ্থিক সহায়তা আগবঢ়োৱাৰ ঘোষণা কৰিছে।
নাজিৰা: উজনি অসমৰ বানপীড়িত প্ৰায় ৪,৫০০ পৰিয়ালৰ ক্ষতিগ্ৰস্ত ঘৰ পুনৰ নিৰ্মাণৰ বাবে ৩.৬০ কোটি টকাৰ আৰ্থিক সহায়তা আগবঢ়োৱাৰ ঘোষণা কৰিছে জমিয়ত উলেমা-ই-হিন্দ আৰু আনফাৰ ফাউণ্ডেচনে।
অসম ৰাজ্যিক জমিয়তৰ সভাপতি তথা আনফাৰ ফাউণ্ডেচনৰ মুখ্য পৃষ্ঠপোষক মৌলানা মুছতাক আনফাৰে কয় যে, সাহায্য বিতৰণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে।
১৯ জুলাইৰ পৰা উজনি অসমত হোৱা বিধ্বংসী বানৰ পিছত সৰ্বভাৰতীয় জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মৌলানা সৈয়দ আৰছাদ মাদানীৰ নেতৃত্বত মৌলানা মুছতাক আনফাৰ আৰু তেওঁৰ সহযোগীসকলে এই সাহায্য পদক্ষেপ…
সেই সময়ত মৌলানা সৈয়দ আৰছাদ মাদানীয়ে ১ কোটি টকাৰ অনুদান ঘোষণা কৰিছিল।
newznow.in