নাজিৰা: উজনি অসমৰ বানপীড়িত প্ৰায় ৪,৫০০ পৰিয়ালৰ ক্ষতিগ্ৰস্ত ঘৰ পুনৰ নিৰ্মাণৰ বাবে ৩.৬০ কোটি টকাৰ আৰ্থিক সহায়তা আগবঢ়োৱাৰ ঘোষণা কৰিছে জমিয়ত উলেমা-ই-হিন্দ আৰু আনফাৰ ফাউণ্ডেচনে। নাজিৰাৰ এম চি ক্লাবত অনুষ্ঠিত এক ৰাজহুৱা সভাত এই ঘোষণা কৰা হয়।

অসম ৰাজ্যিক জমিয়তৰ সভাপতি তথা আনফাৰ ফাউণ্ডেচনৰ মুখ্য পৃষ্ঠপোষক মৌলানা মুছতাক আনফাৰে কয় যে, সাহায্য বিতৰণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। উজনি অসমৰ জনসাধাৰণৰ দুখ-দুৰ্দশাৰ সময়ত তেওঁ আৰু তেওঁৰ সংগঠনে কাষত থাকিব বুলিও তেওঁ আশ্বাস দিয়ে।

জাতি, সম্প্ৰদায় বা ধৰ্ম নিৰ্বিশেষে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সহায় কৰাটো মানৱীয় দায়িত্ব বুলি মৌলানা মুছতাক আনফাৰে উল্লেখ কৰে।

১৯ জুলাইৰ পৰা উজনি অসমত হোৱা বিধ্বংসী বানৰ পিছত সৰ্বভাৰতীয় জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মৌলানা সৈয়দ আৰছাদ মাদানীৰ নেতৃত্বত মৌলানা মুছতাক আনফাৰ আৰু তেওঁৰ সহযোগীসকলে এই সাহায্য পদক্ষেপ গ্ৰহণ কৰে। ১২ আগষ্টত মৌলানা আনফাৰে অসম ৰাজ্যিক জমিয়ত আৰু আনফাৰ ফাউণ্ডেচনৰ বিষয়ববীয়াসকলক লগত লৈ বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিছিল।

সেই সময়ত মৌলানা সৈয়দ আৰছাদ মাদানীয়ে ১ কোটি টকাৰ অনুদান ঘোষণা কৰিছিল। অসম ৰাজ্যিক জমিয়ত আৰু আনফাৰ ফাউণ্ডেচনে যৌথভাৱে ১.২৫ কোটি টকাৰ বান সাহায্য আগবঢ়োৱাৰ অংগীকাৰ কৰিছিল। ২৯ জুলাইৰ পৰা সংগঠন দুটাই উজনি অসমৰ বিভিন্ন স্থানত বানপীড়িতসকলৰ মাজত প্ৰায় ৩০ লাখ টকাৰ খাদ্যসামগ্ৰী বিতৰণ কৰিছিল।

সভাত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২০ লাখ টকাৰ অনুদান দিয়াৰ কথাও ঘোষণা কৰা হয়। সমাজকৰ্মী তথা অধিবক্তা মহেন্দ্ৰ ভূঞাই সভাখনত সভাপতিত্ব কৰে। সমাজকৰ্মী ৱাছিম আহমেদে কাৰ্যসূচীৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ বিপৰীতে জ্যেষ্ঠ সাংবাদিক সৈয়দ খাইৰুল হাছানে আদৰণি ভাষণ দিয়ে।