জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৰামবানৰ চন্দ্ৰকোটত যাত্ৰীবাহী বাছ আৰু আৰক্ষীৰ বাহনৰ সংঘৰ্ষত SHO বিকি থাপাসহ চাৰিজন আহত।
ৰামবান, ৯ নৱেম্বৰ: জম্মু-কাশ্মীৰৰ ৰামবান জিলাৰ চন্দ্ৰকোটত জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে পথ দুৰ্ঘটনা।
এই দুৰ্ঘটনাত চন্দ্ৰকোট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (SHO) ইন্সপেক্টৰ বিকি থাপাসহ মুঠ চাৰিজন লোক আহত হয়।
দুৰ্ঘটনাৰ পিছতে আহত আটাইকেইজনকে চিকিৎসাৰ বাবে ৰামবান জিলা চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।
এখন যাত্ৰীবাহী বাছৰ সৈতে চন্দ্ৰকোট আৰক্ষী থানাৰ এখন বাহনৰ সংঘৰ্ষ হয়।
newznow.in