জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত বাছ-আৰক্ষীৰ বাহনৰ সংঘৰ্ষ, SHO-সহ আহত ৪
ৰামবান, ৯ নৱেম্বৰ: জম্মু-কাশ্মীৰৰ ৰামবান জিলাৰ চন্দ্ৰকোটত জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছৰ সৈতে চন্দ্ৰকোট আৰক্ষী থানাৰ এখন বাহনৰ সংঘৰ্ষ হয়।
এই দুৰ্ঘটনাত চন্দ্ৰকোট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (SHO) ইন্সপেক্টৰ বিকি থাপাসহ মুঠ চাৰিজন লোক আহত হয়।
দুৰ্ঘটনাৰ পিছতে আহত আটাইকেইজনকে চিকিৎসাৰ বাবে ৰামবান জিলা চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। অৱশ্যে দুৰ্ঘটনাটোৰ কাৰণ আৰু আহতসকলৰ শাৰীৰিক অৱস্থাৰ বিষয়ে বিতং তথ্য প্ৰকাশ পোৱা নাই।