দিল্লীৰ নৰেলাৰ ৰাজীৱ কলনীত দীপাৱলীৰ নিশা আতচবাজীৰ সময়ত ১০ বছৰীয়া শিশুৰ মৃত্যু।
দীপাৱলীৰ আনন্দৰ মাজতে আতচবাজীৰ বাবেই প্ৰাণ গ’ল ১০ বছৰীয়া শিশুৰ ।
জানিব পৰা মতে, পৰিয়ালৰ লোকসকলৰ সৈতে ফটকা ফুটাই থকা সময়তে শিশুটিৰ পেটত এটা ৰকেট আহি লাগে।
অৱশ্যে, দিল্লী আৰক্ষীৰ বক্তব্য উদ্ধৃত কৰি প্ৰকাশিত আন এক প্ৰতিবেদনত ঘটনাটোৰ কিছু পৃথক বিৱৰণ দিয়া হৈছে।
ইফালে, শিশুটিৰ মৃত্যুৰ পিছত পৰিয়ালৰ লোকে চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে চিকিৎসাত গাফিলতিৰ অভিযোগ উত্থাপন কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা বুলি প্ৰকাশ পাইছে।
newznow.in