নতুন দিল্লী, ৯ নৱেম্বৰ, ২০২৬:
দীপাৱলীৰ আনন্দৰ মাজতে আতচবাজীৰ বাবেই প্ৰাণ গ’ল ১০ বছৰীয়া শিশুৰ । দিল্লীত সংঘটিত হ’ল এই শোকাৱহ ঘটনা। আতচবাজী কৰি থকা অৱস্থাত প্ৰাণ হেৰুৱালে ১০ বছৰীয়া এটি শিশুৱে। দেওবাৰে, ৮ নৱেম্বৰৰ নিশা দিল্লীৰ নৰেলা আৰক্ষী থানাৰ অন্তৰ্গত ৰাজীৱ কলনীত সংঘটিত হয় এই ঘটনা।
জানিব পৰা মতে, পৰিয়ালৰ লোকসকলৰ সৈতে ফটকা ফুটাই থকা সময়তে শিশুটিৰ পেটত এটা ৰকেট আহি লাগে। আকাশলৈ উৰি যোৱাৰ পৰিৱৰ্তে ৰকেটটো শিশুটিৰ শৰীৰত লাগি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে বুলি উল্লেখ কৰা হৈছে। পৰিয়ালৰ লোকে শিশুটিক ততাতৈয়াকৈ নৰেলাৰ ৰাজা হৰিশ্চন্দ্ৰ চিকিৎসালয়লৈ লৈ যায়। তাত চিকিৎসকে শিশুটিক মৃত ঘোষণা কৰে ।
অৱশ্যে, দিল্লী আৰক্ষীৰ বক্তব্য উদ্ধৃত কৰি প্ৰকাশিত আন এক প্ৰতিবেদনত ঘটনাটোৰ কিছু পৃথক বিৱৰণ দিয়া হৈছে। আৰক্ষীৰ মতে, শিশুটিয়ে হাতত ধৰি ফুটোৱা ‘আনাৰ’ জাতীয় ফটকা ফুটাই থকাৰ সময়তে সেইটো বিস্ফোৰিত হৈ বুকুত আঘাত লাগে। আৰক্ষীয়ে ফটকাটোৰ প্ৰকৃতি আৰু বিস্ফোৰণৰ প্ৰকৃত কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
ইফালে, শিশুটিৰ মৃত্যুৰ পিছত পৰিয়ালৰ লোকে চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে চিকিৎসাত গাফিলতিৰ অভিযোগ উত্থাপন কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা বুলি প্ৰকাশ পাইছে। আৰক্ষীয়ে শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।