২০২৭ চনৰ ২৪ ছেপ্টেম্বৰত দেশৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ হোৱাৰ সম্ভাৱনা ন্যায়াধীশ বি. ভি. নাগৰত্নাৰ।
ভাৰতীয় ন্যায় ব্যৱস্থাৰ ইতিহাসত নতুন অধ্যায়ৰ সূচনা কৰিবলৈ সাজু হৈছে ন্যায়াধীশ বি. ভি. নাগৰত্না।
অৱশ্যে, তেওঁৰ কাৰ্যকাল হ’ব অতি চমু , মাত্র ৩৭দিন অথাৎ পাঁচ সপ্তাহ।
১৯৬২ চনৰ ৩০ অক্টোবৰত বাংগালুৰুত জন্মগ্ৰহণ কৰা বি. ভি. নাগৰত্নাই দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত ১৯৮৭ চনত আইনৰ ডিগ্ৰী সম্পূৰ্ণ কৰে।
২০০৮ চনত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা নাগৰত্না ২০১০ চনত স্থায়ী ন্যায়াধীশ হয়।
newznow.in