নতুন দিল্লী, ৯ নৱেম্বৰ, ২০২৬:
ভাৰতীয় ন্যায় ব্যৱস্থাৰ ইতিহাসত নতুন অধ্যায়ৰ সূচনা কৰিবলৈ সাজু হৈছে ন্যায়াধীশ বি. ভি. নাগৰত্না। সকলো পৰম্পৰা আৰু জ্যেষ্ঠতাৰ নিয়ম অক্ষুণ্ণ থাকিলে ২০২৭ চনৰ ২৪ ছেপ্টেম্বৰত দেশৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰিব নাগৰত্নাই ।
অৱশ্যে, তেওঁৰ কাৰ্যকাল হ’ব অতি চমু , মাত্র ৩৭দিন অথাৎ পাঁচ সপ্তাহ। উচ্চতম ন্যায়ালয়ৰ তথ্য অনুসৰি, ২০২৭ চনৰ ২৯ অক্টোবৰত অৱসৰ গ্ৰহণ কৰিব ন্যায়াধীশ নাগৰত্নাই। অৰ্থাৎ মুখ্য ন্যায়াধীশ হিচাপে প্ৰায় পাঁচ সপ্তাহহে দায়িত্বত থাকিব তেওঁ।
১৯৬২ চনৰ ৩০ অক্টোবৰত বাংগালুৰুত জন্মগ্ৰহণ কৰা বি. ভি. নাগৰত্নাই দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত ১৯৮৭ চনত আইনৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। একে বছৰতে অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰে তেওঁ।
২০০৮ চনত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা নাগৰত্না ২০১০ চনত স্থায়ী ন্যায়াধীশ হয়। ২০২১ চনৰ ৩১ আগষ্টত তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।
উল্লেখ্য যে ভাৰতত এতিয়ালৈকে কোনো মহিলাই দেশৰ মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হোৱা নাই। নাগৰত্নাৰ সম্ভাৱ্য নিযুক্তিয়ে সেই ইতিহাস সলনি কৰিব।