অসম

পাঠশালাৰ অগ্নিকাণ্ডৰ পিছতে ফটকা বিক্ৰীৰ অনুমতি বাতিল বজালী প্ৰশাসনৰ

NewzNow · ৯ নৱেম্বৰ ২০২৬

১ / ৫

পাঠশালাৰ কেইবাটাও অগ্নিকাণ্ডৰ পিছতে বজালী জিলা প্ৰশাসনে ফটকা বিক্ৰীৰ বাবে দিয়া চাৰিটা অস্থায়ী অনুমতি তাৎক্ষণিকভাৱে বাতিল কৰিছে।

২ / ৫

পাঠশালাত সংঘটিত কেইবাটাও বিধ্বংসী অগ্নিকাণ্ডৰ পিছতে ফটকা আৰু আতচবাজী বিক্ৰীৰ অনুমতি বাতিল কৰিছে বজালী জিলা প্ৰশাসনে।

৩ / ৫

নিৰ্দেশটোত উল্লেখ কৰা অনুসৰি, পাঠশালাত শেহতীয়াকৈ সংঘটিত কেইবাটাও অগ্নিকাণ্ডত কেইবাখনো দোকান জুইত জাহ গৈছে।

৪ / ৫

প্ৰশাসনৰ নিৰ্দেশ অনুসৰি, পূৰ্বে অনুমতি লাভ কৰা সকলো বিক্ৰেতাই নিৰ্ধাৰিত অস্থায়ী বিপণীত ফটকা-আতচবাজীৰ বিক্ৰী, প্ৰদৰ্শন আৰু বিতৰণ তৎক্ষণাৎ বন্ধ কৰিব লাগিব।

৫ / ৫

ইয়াৰ উপৰি, আৰক্ষী, দণ্ডাধীশ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ পৰিদৰ্শন তথা নিৰ্দেশ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিক্ৰেতাসকলক সম্পূৰ্ণ সহযোগিতা কৰিবলৈ কোৱা হৈছে।

পাঠশালাৰ অগ্নিকাণ্ডৰ পিছতে ফটকা বিক্ৰীৰ অনুমতি বাতিল বজালী প্ৰশাসনৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক