পাঠশালা, ৯ নৱেম্বৰ, ২০২৬:

পাঠশালাত সংঘটিত কেইবাটাও বিধ্বংসী অগ্নিকাণ্ডৰ পিছতে ফটকা আৰু আতচবাজী বিক্ৰীৰ অনুমতি বাতিল কৰিছে বজালী জিলা প্ৰশাসনে। ৯ নৱেম্বৰত জাৰি কৰা এক নিৰ্দেশযোগে পূৰ্বে সাময়িকভাৱে ফটকা বিক্ৰীৰ বাবে দিয়া চাৰিটা অনুমতি তাৎক্ষণিকভাৱে বাতিল কৰা হৈছে।

নিৰ্দেশটোত উল্লেখ কৰা অনুসৰি, পাঠশালাত শেহতীয়াকৈ সংঘটিত কেইবাটাও অগ্নিকাণ্ডত কেইবাখনো দোকান জুইত জাহ গৈছে। এনে ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰাৰ লগতে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে।

প্ৰশাসনৰ নিৰ্দেশ অনুসৰি, পূৰ্বে অনুমতি লাভ কৰা সকলো বিক্ৰেতাই নিৰ্ধাৰিত অস্থায়ী বিপণীত ফটকা-আতচবাজীৰ বিক্ৰী, প্ৰদৰ্শন আৰু বিতৰণ তৎক্ষণাৎ বন্ধ কৰিব লাগিব। অৱশিষ্ট ফটকাৰ মজুত সুৰক্ষিতভাৱে ৰাখি সংশ্লিষ্ট অনুজ্ঞাপত্ৰ প্ৰদানকাৰী কৰ্তৃপক্ষৰ নিৰ্দেশনা আৰু বিস্ফোৰক সামগ্ৰী আইন, ১৮৮৪ তথা বিস্ফোৰক সামগ্ৰী বিধি, ২০০৮ অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।

ইয়াৰ উপৰি, আৰক্ষী, দণ্ডাধীশ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ পৰিদৰ্শন তথা নিৰ্দেশ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিক্ৰেতাসকলক সম্পূৰ্ণ সহযোগিতা কৰিবলৈ কোৱা হৈছে।

বজালীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, সংশ্লিষ্ট চক্ৰ বিষয়াসকল আৰু পাঠশালাৰ অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱাক এই নিৰ্দেশ কঠোৰভাৱে কাৰ্যকৰী কৰাৰ দায়িত্ব দিয়া হৈছে। অনুমতি অবিহনে ফটকা বিক্ৰী বা মজুত ৰখা কাৰ্য ৰোধ কৰিবলৈও প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে।

নিৰ্দেশ অমান্য কৰিলে প্ৰাসংগিক আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰশাসনে সকীয়াই দিছে।