অসমত পুনৰ বৃহৎ উচ্ছেদ অভিযানৰ ইংগিত দিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
নিউজ ডেস্ক: ৰাজ্যত পুনৰ বৃহৎ পৰিসৰৰ উচ্ছেদ অভিযান চলোৱাৰ ইংগিত দিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীৰ ভাষ্য অনুসৰি, য’ত প্ৰয়োজন হ’ব, তাতেই উচ্ছেদ অভিযান চলিব।
ৰাজ্যৰ বিভিন্ন স্থানত চৰকাৰী ভূমি, সংৰক্ষিত বনাঞ্চল আৰু অন্যান্য ৰাজহুৱা ভূমিৰ বেদখল আঁতৰোৱাৰ বাবে পৰৱৰ্তী সময়ত ব্যৱস্থা গ্ৰহণৰ ইংগিত দিছে মুখ্যমন্ত্ৰীয়ে।
উল্লেখ্য যে, যোৱা ১ নৱেম্বৰত ধুবুৰী জিলাৰ গৌৰীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আলমগঞ্জ পাৰ্ট-৯ত প্ৰায় ৬৫০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ অভিযান চলাইছিল প্ৰশাসনে।
newznow.in