নিউজ ডেস্ক: ৰাজ্যত পুনৰ বৃহৎ পৰিসৰৰ উচ্ছেদ অভিযান চলোৱাৰ ইংগিত দিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বেদখল উচ্ছেদৰ ক্ষেত্ৰত ধৰ্মীয় পৰিচয় বিবেচনা কৰা নহ’ব বুলি স্পষ্ট কৰি মুখ্যমন্ত্ৰীয়ে হিন্দু বেদখলকাৰীৰ বিৰুদ্ধেও একেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰিছে।
মুখ্যমন্ত্ৰীৰ ভাষ্য অনুসৰি, য’ত প্ৰয়োজন হ’ব, তাতেই উচ্ছেদ অভিযান চলিব। তেওঁ কয়, ‘মুছলমান নহয়, হিন্দু দখলকাৰীৰ বিৰুদ্ধেও চলিব উচ্ছেদ।’ অৰ্থাৎ চৰকাৰৰ উচ্ছেদ অভিযানৰ ভিত্তি হ’ব ভূমিৰ বেদখল, ধৰ্মীয় পৰিচয় নহয়।
ৰাজ্যৰ বিভিন্ন স্থানত চৰকাৰী ভূমি, সংৰক্ষিত বনাঞ্চল আৰু অন্যান্য ৰাজহুৱা ভূমিৰ বেদখল আঁতৰোৱাৰ বাবে পৰৱৰ্তী সময়ত ব্যৱস্থা গ্ৰহণৰ ইংগিত দিছে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পূৰ্বেও সত্ৰৰ ভূমি, VGR আৰু PGR ভূমি তথা বনাঞ্চলৰ বেদখলমুক্ত কৰাৰ পৰিকল্পনাৰ কথা তেওঁ প্ৰকাশ কৰিছিল।
ধুবুৰীত ৬৫০ বিঘা ভূমি বেদখলমুক্ত
উল্লেখ্য যে, যোৱা ১ নৱেম্বৰত ধুবুৰী জিলাৰ গৌৰীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আলমগঞ্জ পাৰ্ট-৯ত প্ৰায় ৬৫০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ অভিযান চলাইছিল প্ৰশাসনে।
ইয়াৰ পিছতে লাহৰীঘাটৰ বিজয় উৎসৱত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে হিন্দু বেদখলকাৰীৰ বিৰুদ্ধেও উচ্ছেদ অভিযান চলিব বুলি ইংগিত দিয়ে।