আৰক্ষীয়ে হিন্দু-মুছলমানৰ ধৰ্মীয় পৰিচয় চাই গুলীচালনা নকৰে বুলি দাবী কৰি কংগ্ৰেছক অপপ্ৰচাৰৰ অভিযোগেৰে সমালোচনা কৰে মুখ্যমন্ত্ৰীয়ে।
‘পুলিচে হিন্দু-মুছলিম চাই গুলী নচলায়, এইকেইদিনতে সকলোৱে দেখিছে।’ উচ্ছেদ অভিযান আৰু আৰক্ষীৰ ভূমিকা সন্দৰ্ভত কংগ্ৰেছে উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰ দি এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড°…
মুখ্যমন্ত্ৰীৰ দাবী, আৰক্ষীয়ে কোনো ব্যক্তিৰ ধৰ্মীয় পৰিচয় চাই ব্যৱস্থা গ্ৰহণ নকৰে।
কংগ্ৰেছৰ বিৰুদ্ধে সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘কংগ্ৰেছে ইমান অপপ্ৰচাৰ কৰি লাভ নাই।
ইয়াৰ লগতে কংগ্ৰেছক কটাক্ষ কৰি তেওঁ কয়, ‘কংগ্ৰেছে মানুহখিনিক ইমান ভাল পালে পট্টা দি যাব লাগিছিল।’
newznow.in