গুৱাহাটী, ৯ নৱেম্বৰ, ২০২৬:

‘পুলিচে হিন্দু-মুছলিম চাই গুলী নচলায়, এইকেইদিনতে সকলোৱে দেখিছে।’ উচ্ছেদ অভিযান আৰু আৰক্ষীৰ ভূমিকা সন্দৰ্ভত কংগ্ৰেছে উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰ দি এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীৰ দাবী, আৰক্ষীয়ে কোনো ব্যক্তিৰ ধৰ্মীয় পৰিচয় চাই ব্যৱস্থা গ্ৰহণ নকৰে। আৰক্ষীক আক্ৰমণ কৰাৰ পৰিণাম আৰক্ষীয়ে নিজাববীয়াকৈ দিছে বুলি মন্তব্য কৰি তেওঁ কয় যে মুছলমান হ’লেই গুলীচালনা কৰা হ’ব আৰু হিন্দু হ’লে কৰা নহ’ব, এনে কোনো কথা নাই। সকলোৰে ক্ষেত্ৰতে একে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও দাবী কৰে মুখ্যমন্ত্ৰীয়ে।

কংগ্ৰেছৰ বিৰুদ্ধে সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘কংগ্ৰেছে ইমান অপপ্ৰচাৰ কৰি লাভ নাই। মুছলমানসকলক লৈ এনে অপপ্ৰচাৰ কৰি একো লাভ নাই। সকলোৰে লগতেই একেই হৈছে।’

ইয়াৰ লগতে কংগ্ৰেছক কটাক্ষ কৰি তেওঁ কয়, ‘কংগ্ৰেছে মানুহখিনিক ইমান ভাল পালে পট্টা দি যাব লাগিছিল।’

উচ্ছেদ অভিযানৰ সময়ত আৰক্ষীৰ গুলীচালনা আৰু বল প্ৰয়োগক লৈ কংগ্ৰেছে প্ৰশ্ন উত্থাপন কৰি অহাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীৰ এই মন্তব্যই ৰাজ্যৰ ৰাজনৈতিক বিতৰ্কক পুনৰ চৰ্চালৈ আনিছে।

মুখ্যমন্ত্ৰীয়ে নিজৰ বক্তব্যত আৰক্ষীৰ পদক্ষেপ ধৰ্মনিৰ্বিশেষে একে বুলি দাবী কৰাৰ লগতে কংগ্ৰেছৰ পূৰ্বৰ শাসনকালত ভূমিৰ পট্টা প্ৰদানৰ বিষয়টোও উত্থাপন কৰে।