আজিৰে পৰা কাৰ্যকৰী হৈছে ১,৩৬৪টা কেন্সাৰ সম্পৰ্কীয় ঔষধৰ সংশোধিত মূল্য।
কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ প্ৰাধিকৰণে (NPPA) ১৩৭বিধ কেন্সাৰ প্ৰতিৰোধী আৰু চিকিৎসাৰ ঔষধৰ ব্যৱসায়িক মুনাফাৰ সীমা নিৰ্ধাৰণ কৰাৰ পিছতে এই নতুন…
চৰকাৰী তথ্য অনুসৰি, ৮ নৱেম্বৰলৈকে ৮৫টা ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে ১২১বিধ ঔষধৰ ১,৩৬৪টা প্ৰস্তুতিৰ সংশোধিত মূল্য জমা দিছে।
এই পদক্ষেপৰ ফলত দেশৰ গ্ৰাহকসকলৰ বছৰি প্ৰায় ৩,৫৪০.৩৮ কোটি টকা ৰাহি হ’ব বুলি কেন্দ্ৰীয় চৰকাৰে অনুমান কৰিছে।
ইমিউন’থেৰাপী, স্তন আৰু প্ৰষ্টেট কেন্সাৰৰ চিকিৎসাত ব্যৱহৃত কিছুমান ঔষধৰ লগতে আন কেইবাবিধো কেন্সাৰ সম্পৰ্কীয় ঔষধ এই মূল্য নিয়ন্ত্ৰণৰ আওতালৈ আহিছে।
newznow.in