নতুন দিল্লী, ৯ নৱেম্বৰ, ২০২৬:
ৰোগীসকলৰ বাবে আশাৰ বতৰা! আজিৰ পৰা কেন্সাৰৰ ঔষধৰ মূল্য হ্রান্স। কেন্সাৰ ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে সকাহৰ বতৰা দিলে NPPA য়ে । আজিৰে পৰা দেশত কাৰ্যকৰী হৈছে ১,৩৬৪টা কেন্সাৰ সম্পৰ্কীয় ঔষধৰ সংশোধিত সৰ্বাধিক খুচুৰা মূল্য (MRP)। কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপৰ ফলত ৬৭৯টা ব্ৰেণ্ডৰ ঔষধৰ মূল্য ৫০ শতাংশতকৈ অধিক হ্ৰাস পাইছে। আনহাতে, কোনো কোনো ঔষধৰ মূল্য হ্ৰাসৰ পৰিমাণ ৯৬.৪৫ শতাংশ পৰ্যন্ত হৈছে।
কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ প্ৰাধিকৰণে (NPPA) ১৩৭বিধ কেন্সাৰ প্ৰতিৰোধী আৰু চিকিৎসাৰ ঔষধৰ ব্যৱসায়িক মুনাফাৰ সীমা নিৰ্ধাৰণ কৰাৰ পিছতে এই নতুন মূল্য কাৰ্যকৰী হৈছে।
চৰকাৰী তথ্য অনুসৰি, ৮ নৱেম্বৰলৈকে ৮৫টা ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে ১২১বিধ ঔষধৰ ১,৩৬৪টা প্ৰস্তুতিৰ সংশোধিত মূল্য জমা দিছে। ইয়াৰে ৬৭৯টা ব্ৰেণ্ডৰ মূল্য ৫০ শতাংশতকৈ অধিক হ্ৰাস পাইছে। সৰ্বাধিক মূল্য হ্ৰাসৰ পৰিমাণ ৯৬.৪৫ শতাংশ।
এই পদক্ষেপৰ ফলত দেশৰ গ্ৰাহকসকলৰ বছৰি প্ৰায় ৩,৫৪০.৩৮ কোটি টকা ৰাহি হ’ব বুলি কেন্দ্ৰীয় চৰকাৰে অনুমান কৰিছে।
ইমিউন’থেৰাপী, স্তন আৰু প্ৰষ্টেট কেন্সাৰৰ চিকিৎসাত ব্যৱহৃত কিছুমান ঔষধৰ লগতে আন কেইবাবিধো কেন্সাৰ সম্পৰ্কীয় ঔষধ এই মূল্য নিয়ন্ত্ৰণৰ আওতালৈ আহিছে।
ঔষধৰ পেকেটত উল্লেখ থকা সংশোধিত MRP পৰীক্ষা কৰাৰ লগতে ‘Pharma Sahi Daam’ ম'বাইল এপ আৰু NPPAৰ ৱেবছাইটৰ জৰিয়তেও মূল্য জানিব পাৰিব। নতুন নিৰ্ধাৰিত মূল্যতকৈ অধিক দামত ঔষধ বিক্ৰী কৰাৰ অনুমতি কোনো ঔষধৰ দোকান বা চিকিৎসালয়ৰ ফাৰ্মাচীৰ নাই।
উল্লেখ্য যে, সকলো কেন্সাৰৰ ঔষধৰ মূল্য একেদৰে হ্ৰাস হোৱা নাই। চৰকাৰে নিৰ্ধাৰণ কৰা ১৩৭বিধ ঔষধৰ ব্যৱসায়িক মুনাফাৰ সীমা আৰু সংশোধিত মূল্যৰ তালিকাত অন্তৰ্ভুক্ত ঔষধসমূহৰ ক্ষেত্ৰতহে এই নতুন মূল্য প্ৰযোজ্য।