শিপা ওলোৱা অংশসহ সুস্থ ডাল কটা, সপ্তাহত এবাৰ পানী সলনি কৰা আৰু পাত্ৰত শিলগুটি ব্যৱহাৰ কৰি মানিপ্লাণ্টৰ যত্ন ল’ব পাৰি।
গুৱাহাটী, ৯ নৱেম্বৰ: ঘৰৰ লগতে অফিচৰ ডেস্কতো বহুতে সৌন্দৰ্য বঢ়াবলৈ মানিপ্লাণ্ট ৰাখে।
কেইটামান সহজ উপায়েৰে অফিচৰ ডেস্কত থকা মানিপ্লাণ্ট সতেজ আৰু সেউজীয়া কৰি ৰাখিব পাৰি।
নতুন পুলি প্ৰস্তুত কৰিবলৈ ডাল কটাৰ সময়ত যি গাঁঠিৰ পৰা শিপা ওলায়, সেই অংশটো অক্ষত ৰাখিব লাগে।
পানীত ৰখা মানিপ্লাণ্টৰ পাত্ৰৰ পানী নিয়মীয়াকৈ সলনি কৰাটো জৰুৰী।
newznow.in