গুৱাহাটী, ৯ নৱেম্বৰ: ঘৰৰ লগতে অফিচৰ ডেস্কতো বহুতে সৌন্দৰ্য বঢ়াবলৈ মানিপ্লাণ্ট ৰাখে। কম পোহৰতো জীয়াই থাকিব পৰা আৰু পানীতে বাঢ়িব পৰা এই গছজোপাৰ পাত সঠিক যত্নৰ অভাৱত শুকাই যাব পাৰে।
কেইটামান সহজ উপায়েৰে অফিচৰ ডেস্কত থকা মানিপ্লাণ্ট সতেজ আৰু সেউজীয়া কৰি ৰাখিব পাৰি।
শিপা ওলোৱা অংশ অক্ষত ৰাখি ডাল কাটক
নতুন পুলি প্ৰস্তুত কৰিবলৈ ডাল কটাৰ সময়ত যি গাঁঠিৰ পৰা শিপা ওলায়, সেই অংশটো অক্ষত ৰাখিব লাগে। সুস্থ পাত আৰু শিপা ওলাব পৰা অংশসহ এডাল কাটি পানীত ৰাখিলে নতুনকৈ গছ গজিবলৈ সহায় হয়।
সপ্তাহত এবাৰ পানী সলনি কৰক
পানীত ৰখা মানিপ্লাণ্টৰ পাত্ৰৰ পানী নিয়মীয়াকৈ সলনি কৰাটো জৰুৰী। পুৰণি পানীত মলি আৰু বীজাণু জমা হ’ব পাৰে। সপ্তাহত এবাৰ পাত্ৰৰ পানী সলনি কৰিলে শিপাৰ স্বাস্থ্য ভাল ৰখাত সহায় হয়।
পাত্ৰত সৰু শিলগুটি ব্যৱহাৰ কৰক
মানিপ্লাণ্ট ৰখা পাত্ৰত সৰু সৰু শিলগুটি ৰাখিলে গছজোপা পোনকৈ থিয় হৈ থাকিবলৈ সুবিধা হয় আৰু শিপা বিস্তাৰতো সহায় হয়। স্বচ্ছ কাঁচৰ পাত্ৰত ৰঙীন শিলগুটি ব্যৱহাৰ কৰিলে গছজোপা দেখিবলৈও ধুনীয়া হয়।
অৱশ্যে, শিলগুটিবোৰ মাজে-সময়ে পৰিষ্কাৰ কৰিব লাগে। অন্যথা তাত শেলাই জমা হৈ গছজোপাৰ ক্ষতি কৰিব পাৰে।