১ নৱেম্বৰৰ পৰা দেশৰ কেইবাখনো চহৰত ১৯ কিলোগ্ৰামৰ বাণিজ্যিক LPG চিলিণ্ডাৰৰ দাম ১০ৰ পৰা ১৭ টকালৈ বৃদ্ধি পাইছে।
নতুন দিল্লী: নৱেম্বৰৰ প্ৰথম দিনটোতে বৃদ্ধি পালে বাণিজ্যিক LPG চিলিণ্ডাৰৰ দাম।
নতুন নিৰিখ অনুসৰি, দিল্লীত বাণিজ্যিক LPG চিলিণ্ডাৰৰ দাম ২,৮১০ টকাৰ পৰা ২,৮২০ টকালৈ বৃদ্ধি পাইছে।
গুজৰাটৰ আহমেদাবাদত বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১০.৫০ টকা বৃদ্ধি পাই ২,৮৪২ টকা হৈছে।
উল্লেখ্য যে, হোটেল, ৰেষ্টুৰেণ্ট আৰু অন্যান্য বাণিজ্যিক প্ৰতিষ্ঠানত মূলতঃ ১৯ কিলোগ্ৰামৰ LPG চিলিণ্ডাৰ ব্যৱহাৰ কৰা হয়।
newznow.in