নতুন দিল্লী: নৱেম্বৰৰ প্ৰথম দিনটোতে বৃদ্ধি পালে বাণিজ্যিক LPG চিলিণ্ডাৰৰ দাম। ১৯ কিলোগ্ৰামৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য দেশৰ কেইবাখনো চহৰত ১০ৰ পৰা ১৭ টকালৈ বৃদ্ধি কৰা হৈছে। অৱশ্যে, ঘৰুৱা ব্যৱহাৰৰ ১৪.২ কিলোগ্ৰামৰ LPG চিলিণ্ডাৰৰ দাম অপৰিৱৰ্তিত আছে।
নতুন নিৰিখ অনুসৰি, দিল্লীত বাণিজ্যিক LPG চিলিণ্ডাৰৰ দাম ২,৮১০ টকাৰ পৰা ২,৮২০ টকালৈ বৃদ্ধি পাইছে। মুম্বাইত নতুন দাম হৈছে ২,৭৬৪ টকা। কলকাতাত ১৭ টকা বৃদ্ধি পোৱাৰ পাছত চিলিণ্ডাৰৰ দাম ২,৯৭১ টকা হৈছে। আনহাতে, চেন্নাইত ১১.৫০ টকা বৃদ্ধি পাই নতুন দাম ২,৯৯৪.৫০ টকা হৈছে।
গুজৰাটৰ আহমেদাবাদত বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১০.৫০ টকা বৃদ্ধি পাই ২,৮৪২ টকা হৈছে। শ্বিলঙত এই চিলিণ্ডাৰৰ নতুন দাম ৩,০৯১ টকা নিৰ্ধাৰণ কৰা হৈছে।
উল্লেখ্য যে, হোটেল, ৰেষ্টুৰেণ্ট আৰু অন্যান্য বাণিজ্যিক প্ৰতিষ্ঠানত মূলতঃ ১৯ কিলোগ্ৰামৰ LPG চিলিণ্ডাৰ ব্যৱহাৰ কৰা হয়। সেয়েহে এই মূল্যবৃদ্ধিৰ প্ৰভাৱ খাদ্য আৰু অন্যান্য সেৱাৰ খৰচতো পৰাৰ সম্ভাৱনা আছে।