কালী পূজা উপলক্ষে গুৱাহাটীৰ কালাপাহাৰৰ ৰবীন্দ্ৰ সংঘ কালী মন্দিৰত আয়োজন কৰা হয় ‘ভূতৰ বাপৰ বিয়া’।
কালী পূজাৰ আনন্দ-উলাহৰ মাজতে গুৱাহাটীত এইবাৰ এক ব্যতিক্ৰমী আয়োজন।
গুৱাহাটীৰ কালাপাহাৰৰ হিল ছাইড অঞ্চলৰ ৰবীন্দ্ৰ সংঘ কালী মন্দিৰত কালী পূজা উপলক্ষে আয়োজন কৰা হয় এই বিশেষ কাৰ্যসূচী।
বাংলা ভাষাত ছপা কৰা নিমন্ত্ৰণী পত্ৰখনত লিখা হৈছে ‘ভূত ও পেত্নীৰ শুভ পৰিণয়’।
নিমন্ত্ৰণী পত্ৰখনত বিয়াৰ সময় হিচাপে অমাৱস্যাৰ নিশা আৰু স্থান হিচাপে ৰবীন্দ্ৰ সংঘ কালী মন্দিৰৰ নাম উল্লেখ কৰা হয়।
newznow.in