গুৱাহাটী, ৯ নৱেম্বৰ, ২০২৬:
কালী পূজাৰ আনন্দ-উলাহৰ মাজতে গুৱাহাটীত এইবাৰ এক ব্যতিক্ৰমী আয়োজন। মানুহৰ বিয়াৰ দৰেই পাত্ৰ-পাত্ৰী, সুসজ্জিত নিমন্ত্ৰণী পত্ৰ আৰু বিয়াৰ পৰম্পৰাগত আয়োজন! পিছে এই বিয়াৰ পাত্ৰ কোনো মানুহ নহয়, পাত্ৰ ‘ভূত মহাশয়’ আৰু পাত্ৰী ‘পেত্নী দেৱী’। গুৱাহাটীৰ কালাপাহাৰত আয়োজন কৰা হৈছে এনে এখন ব্যতিক্ৰমী ভূতৰ বিয়া। অমাৱস্যাৰ ভৌতিক শুভক্ষণত ৰবীন্দ্ৰ সংঘ কালী মন্দিৰত সম্পন্ন কৰা হ’ল এই বিবাহ ।
গুৱাহাটীৰ কালাপাহাৰৰ হিল ছাইড অঞ্চলৰ ৰবীন্দ্ৰ সংঘ কালী মন্দিৰত কালী পূজা উপলক্ষে আয়োজন কৰা হয় এই বিশেষ কাৰ্যসূচী। ‘ভূতৰ বাপৰ বিয়া’ নামৰ এই ধেমেলীয়া আৰু নাটকীয় উপস্থাপনে স্থানীয় ৰাইজৰ মাজত বিশেষ কৌতূহলৰ সৃষ্টি কৰে। কালাপাহাৰৰ ৰবীন্দ্ৰ সংঘ কালী মন্দিৰত অমাৱস্যাৰ নিশাৰ ভৌতিক শুভক্ষণত সম্পন্ন কৰা হয় বিশেষ নিমন্ত্ৰণী পত্ৰখনো এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।
বাংলা ভাষাত ছপা কৰা নিমন্ত্ৰণী পত্ৰখনত লিখা হৈছে ‘ভূত ও পেত্নীৰ শুভ পৰিণয়’। ইয়াত সুপাত্ৰ ‘ভূত মহাশয়’ আৰু সুকন্যা ‘পেত্নী দেৱী’ৰ পবিত্ৰ বন্ধনৰ কথা উল্লেখ কৰি সকলোকে সপৰিয়ালে উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনোৱা হৈছে।
নিমন্ত্ৰণী পত্ৰখনত বিয়াৰ সময় হিচাপে অমাৱস্যাৰ নিশা আৰু স্থান হিচাপে ৰবীন্দ্ৰ সংঘ কালী মন্দিৰৰ নাম উল্লেখ কৰা হয়। আনকি ‘ভূত সমাজ ও পেত্নী সম্প্ৰদায়’ৰ তৰফৰ পৰা সকলোকে সপৰিয়ালে উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। নিমন্ত্ৰণীৰ শেষত থকা কথাখিনিয়েহে আকৰ্ষণ কৰিছে সকলোৰে দৃষ্টি।
তাত লিখা হৈছে, ‘আসবেন কিন্তু... না এলে রাতে স্বপ্নে দেখা করতে আসব।’ অৰ্থাৎ বিয়ালৈ আহিবই লাগিব, নহ'লে নিশা সপোনত দেখা কৰিবলৈ আহিব!
আনকি নিমন্ত্ৰণী পত্ৰৰ তলত বিনীত নিবেদক হিচাপে উল্লেখ কৰা হৈছে ‘ভূত সমাজ আৰু পেত্নী সম্প্ৰদায়’। ব্যতিক্ৰমী এই আয়োজন আৰু ৰসাল নিমন্ত্ৰণী পত্ৰই গুৱাহাটীত সৃষ্টি কৰিছে বিশেষ কৌতূহলৰ।