দেশ

দীপাৱলীৰ নিশা দুটাকৈ অগ্নিকাণ্ড, ১২জনৰ মৃত্যু; মাতৃৰ কোলাতে প্ৰাণ গ’ল দুমহীয়া শিশুৰ

NewzNow · ৯ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

দীপাৱলীৰ নিশা সেউনী আৰু কাটনি জিলাত সংঘটিত দুটাকৈ অগ্নিকাণ্ডত ১২জন লোকৰ মৃত্যু আৰু চাৰিজন আহত হৈছে।

২ / ৫

সেউনী/কাটনি, ৯ নৱেম্বৰ: দীপাৱলীৰ উৎসৱৰ মাজতে মধ্যপ্ৰদেশৰ সেউনী আৰু কাটনি জিলাত সংঘটিত দুটাকৈ অগ্নিকাণ্ডত ১২জন লোকৰ মৃত্যু হৈছে।

৩ / ৫

সোমবাৰে পুৱা প্ৰায় ৪ বজাৰ পৰা ৪.৩০ বজাৰ ভিতৰত সেউনী জিলাৰ ছাপাৰা চহৰৰ মহাবীৰ ৱাৰ্ডত সোণৰ কাৰিকৰ কুণ্ডন লাল ছোনীৰ তিনিমহলীয়া বাসগৃহত জুই লাগে।

৪ / ৫

এই অগ্নিকাণ্ডত ছজনৰ মৃত্যু হয় আৰু চাৰিজন আহত হয়।

৫ / ৫

সেউনীৰ ঘটনাত নিহতসকল হৈছে কুণ্ডন লাল ছোনী (৭৫), তেওঁৰ পত্নী ৰাজকুমাৰী ছোনী (৬৫), ৰীতু ছোনী (৪২), স্মৃতি ছোনী (৪০), সূৰ্য ছোনী (৪৫) আৰু আদিত্য ছোনী (১৬)।

দীপাৱলীৰ নিশা দুটাকৈ অগ্নিকাণ্ড, ১২জনৰ মৃত্যু; মাতৃৰ কোলাতে প্ৰাণ গ’ল দুমহীয়া শিশুৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক