সেউনী/কাটনি, ৯ নৱেম্বৰ: দীপাৱলীৰ উৎসৱৰ মাজতে মধ্যপ্ৰদেশৰ সেউনী আৰু কাটনি জিলাত সংঘটিত দুটাকৈ অগ্নিকাণ্ডত ১২জন লোকৰ মৃত্যু হৈছে। দুৰ্ঘটনা দুটাত আন চাৰিজন লোক আহত হৈছে।

সোমবাৰে পুৱা প্ৰায় ৪ বজাৰ পৰা ৪.৩০ বজাৰ ভিতৰত সেউনী জিলাৰ ছাপাৰা চহৰৰ মহাবীৰ ৱাৰ্ডত সোণৰ কাৰিকৰ কুণ্ডন লাল ছোনীৰ তিনিমহলীয়া বাসগৃহত জুই লাগে। সেই সময়ত ঘৰটোত পৰিয়ালৰ ১০জন সদস্য আছিল।

এই অগ্নিকাণ্ডত ছজনৰ মৃত্যু হয় আৰু চাৰিজন আহত হয়। আহতসকলক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰা হয়। জুই লগাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

সেউনীৰ ঘটনাত নিহতসকল হৈছে কুণ্ডন লাল ছোনী (৭৫), তেওঁৰ পত্নী ৰাজকুমাৰী ছোনী (৬৫), ৰীতু ছোনী (৪২), স্মৃতি ছোনী (৪০), সূৰ্য ছোনী (৪৫) আৰু আদিত্য ছোনী (১৬)।

আনহাতে, কাটনি জিলাৰ বৰহী চহৰত দীপাৱলীৰ নিশা এটা ক্ৰ’কেৰী দোকানত জুই লাগে। তিনিমহলীয়া অট্টালিকাটোত থকা দোকানখনৰ পৰা জুই দ্ৰুতগতিত বিয়পি পৰাত একেটা পৰিয়ালৰ ছজন সদস্যৰ মৃত্যু হয়।

কাটনিৰ ঘটনাত দোকানখনৰ স্বত্বাধিকাৰী পুৰণ আগৰৱাল (৭৭), তেওঁৰ পত্নী চন্দ্ৰকলা (৭৪), বোৱাৰী পুনম, নাতিনী আৰ্যা (১৪), অন্বী (৬) আৰু দুমহীয়া এটি শিশুৰ মৃত্যু হয়। প্ৰত্যক্ষদৰ্শীৰ মতে, মাতৃ পুনমৰ কোলাতে শিশুটিৰ মৃত্যু হয়।

দুয়োটা ঘটনাত শোক প্ৰকাশ কৰি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ফোনযোগে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জনায়।