দীপাৱলীৰ দিনা অসমত ১১২টা অগ্নিকাণ্ড সংঘটিত হয়।
গুৱাহাটী, ৮ নৱেম্বৰ: পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হ’ল ধাৰাবাহিক অগ্নিকাণ্ডৰ ঘটনা।
বিভাগীয় সূত্ৰৰ তথ্য অনুসৰি, ৰাজ্যত সংঘটিত মুঠ অগ্নিকাণ্ডৰ ভিতৰত ৪৯টা ফটকা ফুটোৱাৰ ফলত সংঘটিত হৈছিল।
ইফালে, কামৰূপ মহানগৰ জিলাৰ যোৰাবাটৰ ১২ মাইল অঞ্চলত সংঘটিত এটা অগ্নিকাণ্ডত এজন লোক সামান্যভাৱে আহত হয়।
আনহাতে, লখিমপুৰ, পাঠশালা আৰু চিলাপথাৰৰ পৰাও তিনিটা গুৰুতৰ অগ্নিকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে।
newznow.in