গুৱাহাটী, ৮ নৱেম্বৰ: পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হ’ল ধাৰাবাহিক অগ্নিকাণ্ডৰ ঘটনা। দীপাৱলীৰ দিনটোত অসমত মুঠ ১১২টা অগ্নিকাণ্ড সংঘটিত হয়। ইয়াৰে ২২টা ঘটনা সংঘটিত হয় কামৰূপ মহানগৰ জিলাত। অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা বিভাগে এই তথ্য প্ৰকাশ কৰিছে।

বিভাগীয় সূত্ৰৰ তথ্য অনুসৰি, ৰাজ্যত সংঘটিত মুঠ অগ্নিকাণ্ডৰ ভিতৰত ৪৯টা ফটকা ফুটোৱাৰ ফলত সংঘটিত হৈছিল।

ইফালে, কামৰূপ মহানগৰ জিলাৰ যোৰাবাটৰ ১২ মাইল অঞ্চলত সংঘটিত এটা অগ্নিকাণ্ডত এজন লোক সামান্যভাৱে আহত হয়।

আনহাতে, লখিমপুৰ, পাঠশালা আৰু চিলাপথাৰৰ পৰাও তিনিটা গুৰুতৰ অগ্নিকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে।

দীপাৱলী উদ্‌যাপনৰ সময়ছোৱাত সম্ভাৱ্য জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা বিভাগৰ কৰ্মীসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সক্ৰিয়ভাৱে সঁহাৰি আগবঢ়ায়।