দেশ

দিল্লী-এনচিআৰত বায়ু প্ৰদূষণৰ মুখ্য কাৰণ যানবাহনৰ নিৰ্গমন: সৰ্বোচ্চ ন্যায়ালয়

NewzNow · ১০ নৱেম্বৰ ২০২৬

১ / ৫

দিল্লী-এনচিআৰত যানবাহনৰ ধোঁৱা বায়ু প্ৰদূষণৰ অন্যতম মুখ্য কাৰণ বুলি উল্লেখ কৰি সৰ্বোচ্চ ন্যায়ালয়ে দিল্লীসহ সংশ্লিষ্ট ৰাজ্যসমূহৰ পৰা বিশদ কৰ্মপৰিকল্পনা বিচাৰিছে।

২ / ৫

নতুন দিল্লী, ৬ নৱেম্বৰ: দিল্লী-ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত বায়ু প্ৰদূষণ বৃদ্ধিৰ অন্যতম মুখ্য কাৰণ হৈছে যানবাহনৰ পৰা নিৰ্গত ধোঁৱা।

৩ / ৫

মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰ বিচাৰপীঠে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বিধিবদ্ধ ব্যৱস্থাৰ সৈতে জড়িত স্বতঃপ্ৰণোদিত গোচৰটোৰ শুনানি গ্ৰহণ কৰে।

৪ / ৫

- দিল্লী-এনচিআৰৰ পথত চলাচল কৰা অত্যধিক সংখ্যক বাহনক প্ৰদূষণৰ অন্যতম মুখ্য কাৰণ হিচাপে চিহ্নিত কৰিছে বিচাৰপীঠে।

৫ / ৫

- দিল্লী চৰকাৰ, দিল্লী পৌৰ নিগম, দিল্লী আৰক্ষীৰ যান-বাহন শাখা আৰু তিনিখন ৰাজ্য চৰকাৰৰ পৰা প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থা সন্দৰ্ভত তথ্য বিচৰা হৈছে।

দিল্লী-এনচিআৰত বায়ু প্ৰদূষণৰ মুখ্য কাৰণ যানবাহনৰ নিৰ্গমন: সৰ্বোচ্চ ন্যায়ালয়

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক