ধুবুৰীৰ আলমগঞ্জৰ নৱম খণ্ডত দেওবাৰে বৃহৎ উচ্ছেদ অভিযান চলায় প্ৰশাসনে।
ধুবুৰী, ১ নৱেম্বৰ: ধুবুৰীৰ আলমগঞ্জৰ নৱম খণ্ডত দেওবাৰে পুৱাৰে পৰা বৃহৎ উচ্ছেদ অভিযান চলায় জিলা প্ৰশাসনে।
উচ্ছেদ অভিযানৰ সময়ত অঞ্চলটোত এক আৱেগিক পৰিৱেশৰ সৃষ্টি হয়।
ধুবুৰীৰ জিলা আয়ুক্ত দিবাকৰ নাথে জনোৱা মতে, অঞ্চলটোৰ মুঠ ৮০০ বিঘা ভূমিৰ ভিতৰত প্ৰায় ৬৫০ বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে।
জিলা প্ৰশাসনৰ মতে, উচ্ছেদৰ পূৰ্বে দীৰ্ঘদিন ধৰি আইনী প্ৰক্ৰিয়া চলোৱা হৈছিল।
newznow.in