মিছন চাৰিআলিত বাছৰ অপেক্ষাত থকা এজন যুৱকৰ পৰা ধন দাবী কৰাৰ অভিযোগত কছাৰীগাঁও আৰক্ষীয়ে দুজন হোমগাৰ্ডক গ্ৰেপ্তাৰ কৰিছে।
তেজপুৰ, ১০ নৱেম্বৰ: তেজপুৰত এজন যুৱকৰ পৰা ধন দাবী কৰি উৎকোচ লোৱাৰ অভিযোগত আৰক্ষীয়ে দুজন হোমগাৰ্ডক গ্ৰেপ্তাৰ কৰিছে।
গ্ৰেপ্তাৰ হোৱা দুজন হ'ল শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ ৰিংকু বৰা আৰু তেজপুৰৰ সপুৰাচুবুৰীৰ কলিতা গাঁৱৰ শিৱপ্ৰসাদ বৰা।
দুয়ো হোমগাৰ্ড মিছন চাৰিআলিত নিৰ্মাণাধীন উৰণসেঁতুৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত আছিল।
অভিযোগকাৰী যুৱকজন শিৱসাগৰ জিলাৰ দিখৌমুখৰ দীপু কাকতি।
newznow.in