তেজপুৰ, ১০ নৱেম্বৰ: তেজপুৰত এজন যুৱকৰ পৰা ধন দাবী কৰি উৎকোচ লোৱাৰ অভিযোগত আৰক্ষীয়ে দুজন হোমগাৰ্ডক গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ হোৱা দুজন হ'ল শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ ৰিংকু বৰা আৰু তেজপুৰৰ সপুৰাচুবুৰীৰ কলিতা গাঁৱৰ শিৱপ্ৰসাদ বৰা।

দুয়ো হোমগাৰ্ড মিছন চাৰিআলিত নিৰ্মাণাধীন উৰণসেঁতুৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত আছিল। অভিযোগ অনুসৰি, শিৱসাগৰলৈ যাবলৈ বাছৰ অপেক্ষাত থকা যুৱকজনৰ পৰা তেওঁলোকে ধন দাবী কৰিছিল।

অভিযোগকাৰী যুৱকজন শিৱসাগৰ জিলাৰ দিখৌমুখৰ দীপু কাকতি। কাকতিয়ে বিষয়টো আৰক্ষীক জনোৱাৰ পাছতে কছাৰীগাঁও আৰক্ষীয়ে দুয়ো হোমগাৰ্ডক গ্ৰেপ্তাৰ কৰে।