অগ্নিদগ্ধ কুমুদ গগৈৰ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হৈছে।
টেঙাখাত: অইল ইণ্ডিয়া লিমিটেডৰ ইণ্টাৰমিডিয়েট টেংক ফাৰ্মত সংঘটিত অগ্নিকাণ্ডত মৃতকৰ সংখ্যা ৫জনলৈ বৃদ্ধি পাইছে।
৪০ বছৰীয়া কুমুদ গগৈ টেঙাখাতৰ দীঘলীয়া গাঁৱৰ বাসিন্দা আছিল।
৬ নৱেম্বৰত সংঘটিত এই ভয়াৱহ অগ্নিকাণ্ডত ইয়াৰ পূৰ্বে ৰাজু দত্ত, তপাছ গগৈ, ৰূপম গোহাঁই আৰু শৈলেন গগৈৰ মৃত্যু হৈছিল।
আহত গোলাপ দত্ত এতিয়াও ডিব্ৰুগড়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।
newznow.in