টেঙাখাত: অইল ইণ্ডিয়া লিমিটেডৰ ইণ্টাৰমিডিয়েট টেংক ফাৰ্মত সংঘটিত অগ্নিকাণ্ডত মৃতকৰ সংখ্যা ৫জনলৈ বৃদ্ধি পাইছে। অগ্নিদগ্ধ শ্ৰমিক কুমুদ গগৈৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছে।

৪০ বছৰীয়া কুমুদ গগৈ টেঙাখাতৰ দীঘলীয়া গাঁৱৰ বাসিন্দা আছিল। কোম্পানীটোত হেল্পাৰ হিচাপে কৰ্মৰত গগৈ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।

৬ নৱেম্বৰত সংঘটিত এই ভয়াৱহ অগ্নিকাণ্ডত ইয়াৰ পূৰ্বে ৰাজু দত্ত, তপাছ গগৈ, ৰূপম গোহাঁই আৰু শৈলেন গগৈৰ মৃত্যু হৈছিল।

আহত গোলাপ দত্ত এতিয়াও ডিব্ৰুগড়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। আনহাতে, ইন্দ্ৰ গগৈক উন্নত চিকিৎসাৰ বাবে দিল্লীৰ এপ'ল' চিকিৎসালয়লৈ বিমানযোগে প্ৰেৰণ কৰা হৈছে।