অসম-অৰুণাচল সীমান্তৱৰ্তী ভালুকপুঙত অসমৰ এজন স্থানীয় যুৱকক প্ৰহাৰৰ অভিযোগক কেন্দ্ৰ কৰি পথ অৱৰোধ হয়।
বালিপৰা, ১০ নৱেম্বৰ: অসম-অৰুণাচল সীমান্তৱৰ্তী তথা বালিপৰাৰ পৰা ৩৮ কিলোমিটাৰ দূৰৈৰ ভালুকপুঙত অসমৰ এজন স্থানীয় যুৱকক কেইজনমান অৰুণাচলী লোকে প্ৰহাৰ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ…
জানিব পৰা মতে, যুৱকজনে নিজৰ বাজাজ পালছাৰ মটৰচাইকেলেৰে অৰুণাচল দিশৰ পৰা অসমলৈ আহি থকা সময়ত কেইজনমান অৰুণাচলী লোকে তেওঁক আগচি ধৰে।
ঘটনাটোৰ প্ৰতিবাদত স্থানীয় লোকে ভালুকপুঙত পথ অৱৰোধ কৰি অভিযুক্তসকলক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী জনায়।
পিছত অসম আৰু অৰুণাচলৰ আৰক্ষী-প্ৰশাসনে হস্তক্ষেপ কৰাৰ পাছত প্ৰতিবাদকাৰীসকলে পথ অৱৰোধ প্ৰত্যাহাৰ কৰি পথটো মুকলি কৰি দিয়ে।
newznow.in