বালিপৰা, ১০ নৱেম্বৰ: অসম-অৰুণাচল সীমান্তৱৰ্তী তথা বালিপৰাৰ পৰা ৩৮ কিলোমিটাৰ দূৰৈৰ ভালুকপুঙত অসমৰ এজন স্থানীয় যুৱকক কেইজনমান অৰুণাচলী লোকে প্ৰহাৰ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। ঘটনাটো যোৱানিশা সংঘটিত হয়।
জানিব পৰা মতে, যুৱকজনে নিজৰ বাজাজ পালছাৰ মটৰচাইকেলেৰে অৰুণাচল দিশৰ পৰা অসমলৈ আহি থকা সময়ত কেইজনমান অৰুণাচলী লোকে তেওঁক আগচি ধৰে। প্ৰথমে দুয়োপক্ষৰ মাজত তীব্ৰ বাকবিতণ্ডা হয় আৰু পিছত যুৱকজনক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰা হয় বুলি অভিযোগ উঠিছে।
ঘটনাটোৰ প্ৰতিবাদত স্থানীয় লোকে ভালুকপুঙত পথ অৱৰোধ কৰি অভিযুক্তসকলক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী জনায়। ফলত অসম আৰু অৰুণাচলৰ মাজত যাতায়াত কৰা ঘাইপথটোত বহু সময় ধৰি যান-বাহন আবদ্ধ হৈ পৰে।
পিছত অসম আৰু অৰুণাচলৰ আৰক্ষী-প্ৰশাসনে হস্তক্ষেপ কৰাৰ পাছত প্ৰতিবাদকাৰীসকলে পথ অৱৰোধ প্ৰত্যাহাৰ কৰি পথটো মুকলি কৰি দিয়ে। ঘটনাক কেন্দ্ৰ কৰি আজিও অঞ্চলটোত চেপা উত্তেজনা অব্যাহত আছে।
অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ আৰক্ষী অধীক্ষক ড০ ডি ডব্লিউ থুংগনে ঘটনাটোৰ উচিত তদন্ত কৰি অনতিপলমে দোষীক কৰায়ত্ত কৰাৰ লগতে শাস্তি প্ৰদান কৰা হ'ব বুলি জনায়। তেওঁ ৰাইজ আৰু দল-সংগঠনৰ আগত এই আশ্বাস দিয়ে।
বালিপৰা হৈ ভালুকপুঙেৰে অৰুণাচললৈ যোৱা পথটোৰে দিনে-নিশাই বহু যান-বাহন, অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা ট্ৰাক, সামৰিক বাহিনীৰ কনভয় আৰু পৰ্যটকবাহী বাহন চলাচল কৰে।