আগন্তুক অসম বিধানসভা নিৰ্বাচনত ১২৬খন আসনতে জয়লাভ কৰাৰ লক্ষ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আগন্তুক অসম বিধানসভা নিৰ্বাচনক লৈ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ লক্ষ্য ১২৬খন আসন।
মুখ্যমন্ত্ৰীয়ে কয় যে, কেৱল লক্ষ্য নিৰ্ধাৰণ কৰিলেই নহ'ব, তাৰ বাবে যথেষ্ট কাম কৰিব লাগিব।
তেওঁৰ মতে, বৰ্তমানৰ ১০২খন আসনৰ পৰা পৰৱৰ্তী নিৰ্বাচনত ১১০খন আৰু তাৰ পাছৰ নিৰ্বাচনত ১১৫খন আসন লাভ কৰাৰ লক্ষ্যৰে আগবাঢ়িছে মিত্ৰজোঁট।
নগাঁও লোকসভা সমষ্টিত বিজেপিৰ জয়ৰ কাৰণ ব্যাখ্যা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, জাগীৰোড, ৰহা, নগাঁও আৰু বৰহমপুৰ সমষ্টিত দলটোৰ পৰম্পৰাগত ভোটাৰৰ সমৰ্থন পূৰ্বতকৈ বৃদ্ধি পাইছে।
newznow.in